সাগৰ দেখিছা?


সাগৰ দেখিছা? দেখা নাই কেতিয়াও? ময়ো দেখা নাই৷

শুনিছোঁ তথাপি

নীলিম সলিল ৰাশি বাধাহীন উৰ্ম্মিমালা আছে দুৰ


দিগন্ত বিয়পি৷

মোৰ ই অন্তৰখনি সাগৰৰ দৰে নীলা, - বেদনাৰে

দেখা নাই তুমি

উঠিছে মৰিছে য’ত বাসনাৰ লষ ঢৌ

তোমাৰেই স্মৃতি-সীমা চুমি l

শুনা নাই? মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ

উতলা সংগীত?

বুজা নাই? অনুভৱো কৰা নাই ফুলনিত বসন্তৰ

কোমল ইংগিত?

দেখিছাতো ৰামধেনু? বাৰিষাৰ ডাৱৰত পোহৰৰ

মোহন গৌৰৱ;

প্ৰেমৰ পোহৰ দীপ্ত মোৰ হিয়া আকাশত দেখিছানে

ৰঙৰ উছৱ?

মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ

হিয়া ভগা মাত?

ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ

বুকুৰ সম্বাদ!

মই জানো, তুমি কিটো জানা, হেৰা মোৰ হিয়াহীনা প্ৰিয়া!

তুমি জানা মাথো,

তুমি তুমি, মই মই৷ তুমিতো নাজানা -হায়, কিয় বাৰু

কিয় আমি গাথোঁ

জঁই পৰা মালতীৰে জয়ৰ গৌৰৱ মালা? মিলনৰ

কাৰেং সোনালী

সাজো কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি?হৃদয়ৰ

ৰঙা তেজ ঢালি

প্ৰতিমাৰ পখালোঁ চৰণ কিয়? তুমি নুবুজিবা সখি

কিনো বেদনাত

ষশ্ঠীত প্ৰতিস্ঠা কৰা দেবীক বিসৰ্জো আমি বিজয়াৰ

বিফল সন্ধ্যাত!

সন্ধিয়া আহিছে নামি?থক হেৰা নালাগে জ্বলাব চাকি;

দুটি নয়নৰ

সহজ প্ৰভাৰে আজি নাশিবা তিমিৰ তুমি অন্ধকাৰ

মোৰ জগতৰ৷